স্বতন্ত্ৰ সাংবাদিকৰ বাবে ফেল’শ্বিপ
সততে উত্থাপিত প্ৰশ্নসমূহঃ
এই ফেল’শ্বিপৰ বাবে কোনে আবেদন কৰিব পাৰে?
কোনো সংবাদ প্ৰতিষ্ঠানত পূৰ্ণকালীনভাৱে নিয়োজিত নোহোৱা সকলো সাংবাদিকে এই ফেল’শ্বিপৰ বাবে আবেদন কৰিব পাৰে৷
এই কাৰ্য্যসূচীৰ অধীনত স্বতন্ত্ৰ সাংবাদিকৰ সংজ্ঞা কিদৰে নিৰ্ধাৰণ কৰা হৈছে?
নিম্নোক্ত স্বৰ্তসমূহৰ দ্বাৰা স্বতন্ত্ৰ সাংবাদিকৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছেঃ
আপুনি এজন বাৰ্তাজীৱী আৰু আপোনাৰ প্ৰাথমিক বৃত্তি তথা উপাৰ্জনৰ উৎস হৈছে সাংবাদিকতা৷ কিন্তু আপুনি কোনো সংবাদ প্ৰতিষ্ঠানত পুৰ্ণকালীনভাৱে নিয়োজিত নহয় বা দৰমহা আদিৰ সুবিধাৰ পৰা বঞ্চিত৷ নাইবা
আপুনি কোনো সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ কিন্তু কোনো সংবাদ প্ৰতিষ্ঠানত বা আন কোনো প্ৰতিষ্ঠানত পূৰ্ণকালীনভাৱে নিয়োজিত বা কৰ্মৰত নহয়৷
অনুদান লাভ কৰিবলৈ আপুনি কেনেধৰণৰ সংবাদ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আগ্ৰহী?
আপুনি এজন বাৰ্তাজীৱী আৰু আপোনাৰ প্ৰাথমিক বৃত্তি তথা উপাৰ্জনৰ উৎস হৈছে সাংবাদিকতা৷ কিন্তু আপুনি কোনো সংবাদ প্ৰতিষ্ঠানত পুৰ্ণকালীনভাৱে নিয়োজিত নহয় বা দৰমহা আদিৰ সুবিধাৰ পৰা বঞ্চিত৷ নাইবা
আপুনি কোনো সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ কিন্তু কোনো সংবাদ প্ৰতিষ্ঠানত বা আন কোনো প্ৰতিষ্ঠানত পূৰ্ণকালীনভাৱে নিয়োজিত বা কৰ্মৰত নহয়৷
সংবাদ প্ৰতিবেদন হ’ব লাগিব গভীৰ, প্ৰমাণভিত্তিক আৰু ভালদৰে কৰা অনুসন্ধানৰ ওপৰত প্ৰতিষ্ঠিত৷ আপোনাৰ সংবাদ প্ৰতিবেদন হ’ব পাৰে এটা নিউজ ব্ৰেক, এটা সংবাদ বিশ্লেষণ বা এটা সংবাদধৰ্মী নিৱন্ধ৷ আপোনাৰ এই প্ৰতিবেদন আপুনি যিটো অঞ্চলৰ পৰা সংবাদ পৰিৱেশন কৰে সেই অঞ্চল বা ভৌগলিক অৱস্থানৰ
লগত নিৰ্দিষ্ট সম্পৰ্ক থকা হ’ব লাগিব৷ যিবোৰ সংবাদ প্ৰতিবেদনৰ ক্ষেত্ৰত অনুদান আগবঢ়াব বিচৰা হৈছে সেইবোৰ কেৱল এটা ঘটনা বা কোনো অনুষ্ঠান কাৰ্য্যসূচী ইত্যাদিৰ ওপৰত যুগুত কৰা প্ৰতিবেদনতে আৱদ্ধ নাথাকি প্ৰচলিত প্ৰশাসনিক, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনীতিৰ আওতাত প্ৰাসংগিক হোৱাতো বাঞ্চনীয়৷
– আপোনাৰ প্ৰতিবেদন নিম্নোক্ত বিষয় বা এই বিষয়সমূহৰ আনুষংগিক বিষয়ৰ ওপৰতো হ’ব পাৰে৷ তলত দিয়া তালিকাই কিছু বিষয়কহে নিৰ্দেশ কৰিছে কিন্তু আমি বিচৰা সংবাদ প্ৰতিবেদনসমূহৰ বিষয় এই তালিকাতে সীমাৱদ্ধ নহয়৷
১. কভিড-১৯ অতিমাৰীয়ে জনস্বাস্থ্যৰ প্ৰতি অনা ভাবুকি৷
২. উমৈহতীয়া সম্পত্তি আৰু সম্পদক লৈ সংঘাত, সম্পদ আহৰণ আৰু দুৰ্নীতি, প্ৰাকৃতিক সম্পদক লৈ প্ৰতিযোগিতা আৰু সংঘাত৷
৩. অতি অসুৰক্ষিতভাৱে জীৱন-যাপন কৰাসকলৰ ওপৰত প্ৰতিবেদন৷
4. অপশাসন, নাইবা সুপ্ৰশাসন৷
5. মানুহৰ জীৱিকা আৰু অধিকাৰসমূহ৷
৬. জৰুৰীকালীন সেৱাসমূহৰ কাম-কাজ আৰু সামাজিক সুৰক্ষাৰ আঁচনিসমূহ৷
7. ব্যৱসায়িক আৰু অৰ্থনৈতিক কাৰ্য্যসমূহ যিবোৰে সমাজ, অধিকাৰ আৰু সম্পদৰ ওপৰত প্ৰভাৱ পেলায়৷
8. নতুন প্ৰত্যাহ্বানসমূহৰ সন্মুখত সামাজিক সহযোগিতা আৰু উদ্ভাৱন৷
9. নাগৰিকসকলৰ পৌৰ আৰু মৌলিক অধিকাৰসমূহ
১০. আমাৰ সমাজ পৰিৱৰ্তন কেনেকৈ হৈছে তাৰ প্ৰমাণভিত্তিক গতিধাৰাসমূহ৷
এই ফেল’শ্বিপত প্ৰতিবেদন প্ৰকাশৰ বাবে কিমান সময় নিৰ্ধাৰণ কৰা হৈছে?

অনুদান পোৱাৰ এমাহ [৩০ দিনৰ] ভিতৰত আপুনি আপোনাৰ প্ৰতিবেদন সম্পূৰ্ণ কৰি জমা দিব লাগিব৷
সংবাদ প্ৰতিবেদনৰ সম্ভাব্য দৈৰ্ঘ্য আৰু আন প্ৰয়োজনীয়তাসমূহ কি হোৱা উচিত?
সংবাদ প্ৰতিবেদনৰ নিৰ্ধাৰিত দৈৰ্ঘ্য ৮০০–১২০০ শব্দৰ ভিতৰত৷ আমি ভিডিঅ’ আৰু অডিঅ’ ৰেকৰ্ডিং আৰু ফটো তোলাৰ বাবে ফেল’ সকলক উৎসাহ যোগাও৷ এইসমূহক প্ৰতিবেদন প্ৰকাশৰ সময়ত আৰু অন্যান্য মাল্টিমিডিয়াৰ মাধ্যমত পুনৰ প্ৰকাশ কৰাৰ সময়ত ব্যৱহাৰ কৰা যায়৷
আপোনাৰ প্ৰস্তাৱিত প্ৰতিবেদন আমালৈ প্ৰেৰণ কৰাৰ পূৰ্বেঃ-
১. আপোনাৰ প্ৰস্তাৱিত প্ৰতিবেদন কেৱল এটা ধাৰণাতে সীমাবদ্ধ নাৰাখি সেই প্ৰতিবেদন কেনে তথ্যৰ ওপৰত আধাৰিত হ’ব আৰু প্ৰতিবেদন কিদৰে প্ৰস্তুত কৰা হ’ব তাৰো এটা আভাস থাকিব লাগিব৷
২. প্ৰতিবেদনক উন্নতমানৰ কৰাৰ বাবে প্ৰথমে পটভূমিৰ অধ্যয়ন, প্ৰাথমিক ৰিপৰ্ট আৰু গৱেষণা কৰিব লাগিব৷
৩. সংবাদ প্ৰতিবেদন যাতে পূৰ্বে ক’তো প্ৰকাশ পোৱা নাই সেয়া নিশ্চিত কৰিব লাগিব৷ আকৌ আপোনাৰ সংবাদ প্ৰতিবেদন এনে হোৱা উচিত, যি পৰিচিত কোনো এটা ঘটনা বা প্ৰক্ৰিয়াকো নতুন তথ্য, ব্যাখ্যা, বিশ্লেষণেৰে নতুনত্ব দিব পাৰে৷
4. আপোনাৰ সংবাদ প্ৰতিবেদনক সমৰ্থন কৰিব পৰাকৈ আপোনাৰ তথ্য আৰু প্ৰমাণসমূহ যে পৰ্যাপ্ত সেয়া নিশ্চিত কৰিব লাগিব৷
প্ৰ-পত্ৰ পূৰণৰ পূৰ্বে এইসমূহ সাজু ৰখাকঃ

চলিত লানি ফেল’শ্বিপৰ আবেদন কৰিবৰ বাবে আপুনি সাজু ৰাখকঃ
১. চাৰিশতকৈ কম শব্দৰ ভিতৰত অসমীয়া ভাষাত আপোনাৰ প্ৰস্তাৱিত প্ৰতিবেদনৰ পৰিকল্পনা৷
২. ইংৰাজী ভাষাত আপোনাৰ CV [ৱৰ্ড বা পিডিএফ ফৰ্মত]৷
৩. আপোনাৰ দ্বাৰা প্ৰকাশিত আটাইতকৈ শ্ৰেষ্ঠ বুলি ভবা লেখাটোৰ অসম্পাদিত সংস্কৰণ এটা নাইবা অসমীয়াতে লিখা অপ্ৰকাশিত সংবাদ কৰ্মৰ [কমেও ৪০০ শব্দৰ] ফাইল এম এছ ৱৰ্ড বা পিডিএফ ফৰমেটত৷
আপোনাৰ প্ৰতিবেদনৰ প্ৰস্তাৱ শক্তিশালীযবলিষ্ঠ কৰিবলৈ এইসমূহ সন্নিৱিষ্ট কৰকঃ
আপোনাৰ প্ৰতিবেদনৰ লগত সামঞ্জস্য ৰাখি শেহতীয়া ঘটনা প্ৰবাহৰ অগ্ৰগতি, ঘটনা বা প্ৰৱণতাসমূহৰ খতিয়ান৷
২. বিষয়বস্তুৰ লগত সংগতি থকা ঘটনাসমূহৰ অগ্ৰগতি বা বিষয়বস্তুৰ প্ৰাসংগিতাৰ ব্যাখ্যা৷ প্ৰাসংগিকতা থকা বিষয়ৰ প্ৰতিবেদনৰ প্ৰস্তাৱ বিবেচনা কৰিবলৈ সম্পাদকসকলে সুবিধাজনক বুলি ভাবে৷
৩. আপুনি দাখিল কৰা প্ৰতিবেদনৰ বিষয়বস্তু বা ঘটনা প্ৰবাহক লৈ কোনো পাঠক বা দৰ্শকে কিয় আগ্ৰহী হ’ব লাগে সেই বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়ক৷
4. আপুনি আপোনাৰ প্ৰস্তাৱিত প্ৰতিবেদন সন্দৰ্ভত ইতিপূৰ্বে লাভ কৰা তথ্য-প্ৰমাণ আৰু আপোনাক যদি এই ফেল’শ্বিপ প্ৰদান কৰা হয় তেন্তে আৰু কি তথ্য আপোনাৰ প্ৰতিবেদনৰ সন্নিৱিষ্ট কৰিব তাৰ বিষয়ে এটা আভাস দিয়ক৷
পূৰ্বে যিসকলে এন এফ আই-ৰ ফেল’শ্বিপ লাভ কৰিছে তেওঁলোকে এই চলিত লানি ফেল’শ্বিৰ পৰা আবেদন কৰিব পাৰিব নে?
১. চাৰিশতকৈ কম শব্দৰ ভিতৰত অসমীয়া ভাষাত আপোনাৰ প্ৰস্তাৱিত প্ৰতিবেদনৰ পৰিকল্পনা৷
২. ইংৰাজী ভাষাত আপোনাৰ CV [ৱৰ্ড বা পিডিএফ ফৰ্মত]৷
৩. আপোনাৰ দ্বাৰা প্ৰকাশিত আটাইতকৈ শ্ৰেষ্ঠ বুলি ভবা লেখাটোৰ অসম্পাদিত সংস্কৰণ এটা নাইবা অসমীয়াতে লিখা অপ্ৰকাশিত সংবাদ কৰ্মৰ [কমেও ৪০০ শব্দৰ] ফাইল এম এছ ৱৰ্ড বা পিডিএফ ফৰমেটত৷
আপোনাৰ প্ৰতিবেদনৰ প্ৰস্তাৱ শক্তিশালীযবলিষ্ঠ কৰিবলৈ এইসমূহ সন্নিৱিষ্ট কৰকঃ
আপোনাৰ প্ৰতিবেদনৰ লগত সামঞ্জস্য ৰাখি শেহতীয়া ঘটনা প্ৰবাহৰ অগ্ৰগতি, ঘটনা বা প্ৰৱণতাসমূহৰ খতিয়ান৷
২. বিষয়বস্তুৰ লগত সংগতি থকা ঘটনাসমূহৰ অগ্ৰগতি বা বিষয়বস্তুৰ প্ৰাসংগিতাৰ ব্যাখ্যা৷ প্ৰাসংগিকতা থকা বিষয়ৰ প্ৰতিবেদনৰ প্ৰস্তাৱ বিবেচনা কৰিবলৈ সম্পাদকসকলে সুবিধাজনক বুলি ভাবে৷
৩. আপুনি দাখিল কৰা প্ৰতিবেদনৰ বিষয়বস্তু বা ঘটনা প্ৰবাহক লৈ কোনো পাঠক বা দৰ্শকে কিয় আগ্ৰহী হ’ব লাগে সেই বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়ক৷
4. আপুনি আপোনাৰ প্ৰস্তাৱিত প্ৰতিবেদন সন্দৰ্ভত ইতিপূৰ্বে লাভ কৰা তথ্য-প্ৰমাণ আৰু আপোনাক যদি এই ফেল’শ্বিপ প্ৰদান কৰা হয় তেন্তে আৰু কি তথ্য আপোনাৰ প্ৰতিবেদনৰ সন্নিৱিষ্ট কৰিব তাৰ বিষয়ে এটা আভাস দিয়ক৷
হয়, পূৰ্বৰ এন এফ আই-ৰ ফেল’ সকলেও চলিত লানি ফেল’শ্বিপৰ বাবে আবেদন কৰিব পাৰিব৷ অৱশ্যে যিসকলে প্ৰথম বাৰৰ বাবে আবেদন কৰিছে তেওঁলোকৰ আবেদনক জুৰীয়ে অগ্ৰাধিকাৰ দিব৷